গুৱাহাটীৰ আধিপত্য
২৯ মাৰ্চ, ২০২২ ৰ পৰা ১ এপ্ৰিল ২০২২লৈ সদৌ অসম আন্ত:জিলা বয়স ভিত্তিক দবা প্ৰতিযোগিতা খন গুৱাহাটী, নালাপৰাত অৱস্থিত চেমফৰ্ড ফিউচাৰিষ্টিক স্কুলত অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতা খনত অসমৰ বিভিন্ন জিলাৰ মূঠ ১৮৭ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিযোগিতা খন অনুৰ্দ্ধ ১৮ বছৰ , অনুৰ্দ্ধ ১৪ বছৰ আৰু অনুৰ্দ্ধ ১২ বছৰ শাখাত লৰা আৰু ছোৱালী উভয় শাখত অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতা খনৰ পৰাই আগন্তুক ৰাস্ত্ৰীয় দবা প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিব লগীয়া খেলুৱৈ সমূহ নিৰ্বাচিত কৰা হৈছে।
প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ১৮ বছৰ শাখাত গুৱাহাটীৰ ধ্ৰুপদ কাশ্যপে ৫ ৰাউণ্ডৰ পৰা ৪’৫ পইণ্ট অৰ্জন কৰি খিতাপ অৰ্জন কৰে। গুৱাহাটীৰে অশ্বিন শৰ্ম্মাই, ৪ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। ডিব্ৰুগড় জিলাৰ ধ্ৰুৱ ফুকন আৰু গুৱাহাটীৰ নিহাদ ইছ্লাম হাজৰিকাইও ৪ পইণ্টকৈ অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰ্মে তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।
অনুৰ্দ্ধ ১৮ বছৰ ছোৱালী শাখাত গুৱাহাটীৰ প্ৰয়াশ্ৰী ৰাজ বংশীয়ে ৪ ৰাউণ্ডৰ পৰা চাৰি পইণ্ট অৰ্জন কৰি খিতাপ অৰ্জন কৰে। কামৰূপ গ্ৰাম্যৰ সুষ্মিতা ভৌমিকে ২.৫ পইণ্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰে। গুৱাহাটীৰ উৰ্যা হাজৰিকা আৰু দীপ্নালিছা বৰাইও ২.৫ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তীত তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।
অনুৰ্দ্ধ ১৪ বছৰ শাখাত গুৱাহাটীৰ মায়াংক চক্ৰৱৰ্ত্তীয়ে ৭ ৰাউণ্ডত ৭ পইণ্ট অৰ্জন কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ডিব্ৰুগড়ৰ আভাষ ৰম্য শইকীয়াই ৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান অদিকাৰ কৰে। তিনিচুকী্যা জিলাৰ য়ুৱান দাস আৰু যোৰহাট জিলাৰ অভিজ্ঞান গোস্বম্মীয়েও ৫ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তীত তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।
অনুৰ্দ্ধ ১৪ বছৰ ছোৱালী শাখাত চাৰ্ভী চৌধুৰীয়ে ৫ খনৰ ভিতৰত ৫ পইণ্ট অৰ্জন কৰি খিতাপ অৰ্জন কৰে। গুৱাহাটীৰে ইক্ষিতা বৰ্মনে ৪ পইণ্ট অৰ্জন দ্বিতীয় স্থান লাভ কৰে। ডিব্ৰুগড়ৰ বৈষ্ণবী লিম্বুৱেও ৪ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান অধিকাৰ কৰে। কাছাৰ জিলাৰ গিতীকা কুমাৰীয়ে ৩ পইণ্ট অৰ্জন কৰি চতুৰ্থ স্থান অধিকাৰ কৰে।
অনুৰ্দ্ধ ১২ বছৰ শাখাত গুৱাহাটীৰ মৃন্ময় ৰাজখোৱাই ৬.৫ অৰ্জন কৰি শীৰ্ষস্থান অধিকাৰ কৰে। গুৱাহাটীৰে তন্ময় ৰাজবংশীয়ে ৬ পইণ্টেৰে দ্বিতীয় স্থান্ অধিকাৰ কৰে আৰু তিনিচুকীয়াৰ হৃদান্ত শৰ্মাই ৫,৫ লাভ কৰি তৃতীয় স্থান লাভ কৰে। কামৰূপ গ্ৰাম্যৰ কোচিন দাসেও ৫;৫ পইণ্ট লাভ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত চতুৰ্থ স্থন লাভ কৰে।
অনুৰ্দ্ধ ১২ বছৰ ছোৱালী শাখাত কাছাৰৰ দেবাৰতি দেই ৫.৫ পইনট অৰ্জন কৰি খিতাপ অৰ্জন কৰে। গুৱাহাটীৰ অফশ্বীন অফশ্বা জামানে ৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান অৰ্জন কৰে। গুৱাহাটীৰ ৰিতিশা মাইৰা ৰাজবংশী আৰু হৃদিকা দাসে ৪.৫ পইণ্ট অৰ্জন কৰি ক্ৰ্মে তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।
প্ৰতিযোগিতা খন সদৌ অসম দবা সন্থাই গুৱাহাটৰ নালাপাৰাত অৱস্থিত চেমফৰ্ড ফিউচাৰিষ্টিক স্কুলত আয়োজন কৰিছিল। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাস্তীয় দবা প্ৰতিযোগীতাত অনুৰ্দ্ধ ১৮ বছৰ লৰা আৰু ছোৱালী শাখাত, অনুৰ্দ্ধ ১৪ বছৰ লৰা আৰু ছোৱালী শাখাত আৰু অনুৰ্দ্ধ ১২ বছৰ লৰা আৰু ছোৱালী শাখাত শীৰ্ষস্থান প্ৰাপ্ত প্ৰথম দুজন খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিব।
প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ এম অৰুণ সিঙে মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। তেওক শ্ৰীমতী চেলিনা মাচুম, বিপিন সিংহ, অলী ৰাজকুমাৰী, চন্দনা তালুকদাৰ আৰু পুজা ধৰে দেপুটী আৰ্বিটাৰ হিচাপে সহজোগ কৰিছিল।
প্ৰতিযোগিতা খনৰ বটা বিতৰণী সভাত শ্ৰী ৰাজীৱ ধৰ সম্পাদক সদৌ অসম দবা সন্থা, ড: দেৱজীত শৰ্মা আৰু চুজাউল ইছ্লাম হাজৰিকা অতিথি হিছাপে উপস্থিত থাকে।